হে লুইতপৰীয়া পাহুৱাল ডেকা
মাতৃভূমিৰ ৰক্ষাৰ্থে
কান্দিব নে তোমাৰ হিয়া ?
দেশৰ বাবে দহৰ বাবে
হ'ব পাৰিবা জানো সংগ্ৰামী সত্তা!
দেশৰ হকে নিজৰ মোমায়েকক
কৰিছিল তুচ্ছজ্ঞান
তুমিও তুলি লোৱা হাতত হেংদাং।
মাতৃৰ সেৱাৰ্থে নৰিয়া দেহাৰে
যাব পাৰিবা জানো ?
আকৌ এবাৰ শৰাইঘাটৰ ৰণলৈ
দেশপ্ৰেম,বীৰত্ব, সাহসেৰে
প্ৰৱল পৰাক্ৰমী ৰণুৱা ঘোঁৰা হৈ।
বীৰ লাচিতৰ দৰে তোমাৰো
বাহুত আছে অযুত বল
আছে এটা নিষ্পাপ পবিত্ৰ মন
বুদ্ধি,সততা,দক্ষতা,কৰ্ম নিষ্ঠাৰে
তুমিও আগুৱাই যোৱা
মাতৃভূমিৰ বুকুত উৰুৱাই ধ্বজা
লাচিতৰ দেশৰ হে,পাহুৱাল ডেকা।

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ