নিজক এবাৰ ,
হেৰাইছে নেকি জীৱনত
বাৰু কিবা তোমাৰ ?
ভাৱিবা নিজানত বহি
সেইয়ে একান্ত মনেৰে ,
উত্তৰটি বিচাৰি চাবা
নিজৰ বিবেকেৰে ।
আধুনিকতাৰ বহুতো
লাহবিলাসত,
পৰিছোঁ আমি যেন আজি
পশ্চিমীয়া সংস্কৃতিৰ গৰাহত । পাহৰিছো পিন্ধিবলৈ
শালীনতাৰ পোছাক যোৰ ,
হেৰাই গৈছে যেন
আমাৰ নিজস্বতাবোৰ ।
দীঘে বাণীয়ে আজি যেন
সকলোতে লাগিছে আউল ।
প্ৰশ্ন হয় এনেকৈয়ে ধ্বংসৰ
দিশেৰে যাবনেকি আমাৰ জাতি কুল ?

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ