নীলা খামৰ চিঠি••অনামিকা নেওঁগ

@admin
0
তোমালৈ বুলি একলম

এজাৰৰ নগৰীৰ তুমি 
সেই অভিমানী জন..
তোমালৈ বুলি লিখিলোঁ একলম।
সাৱধানে খুলিবা এপাহ গোলাপ দিছোঁ,
পাহিবোৰ সৰি পৰিবলৈ নিদিবা।
তুমি জানা নে ?
তোমাৰ যে সহজ সৰল মুখ খনৰ সেই নিভাঁজ হাঁহিটোৱে মোক বৰকৈয়ে আমনি কৰি থাকে।
এদিন আহিবাচোন কলেজ ৰোডৰ কোনোবা এখন হোটেললৈ তাতে একাপ চাহৰ আড্ডা দিম....
তাৰ পিছত দুয়ো খোজ কাঢ়িম কলেজৰ সন্মুখত।
লথঙা ফাগুনৰ বা লগা
সৰাপাত বোৰেও ফুচফুচাই আমাৰ কথাই পাতিব।
মনৰ মাজত তোমালৈ বুলি পুহি ৰখা অজস্ৰ অনুভৱ বোৰ তোমাক কৈ যাম।
তুমি বাৰু শুনিবানে?





Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)