বালিময় সময়ক বান্ধি ,ধূলিয়ৰি সপোনক খেদি
জীৱনৰ অদম্য শক্তিৰে ৰক্ত কণিকা হৈ
নিজক হেৰুৱাই দিব খোজোঁ প্ৰতিবাৰ।।
উন্মুক্ত হেঁপাহৰ বৰষুণ আহে দুচকুৰ গভীৰতাত নামি
জোনাকী জুই পোহৰে আজি চোন আকাশ ভেদে
মৰমৰ মোহনাত সাজিম ৰূপোৱালী কাৰেং
আকাশ বন্তি লগাই দীপাৱলীক আদৰিম।।
শয়নে সপোনে তোমাক ভাৱি মিলি যাম সময়ৰ বক্ষত।
মৰমৰ উত্তাপত ফুলিৱ খোজা এপাহি সুগন্ধিৰ.. ...সন্মোহীনি শক্তিত ,
সাৰ পাই উমলিব আমাৰ হেঁপাহৰ সপোনে, আলফুলে।
একাধিক বাৰ উপাসনা কৰিম তোমাৰেই নামক।।
ৰিক্ত মনত নতুনকৈ লিখিম জীৱন বাটৰ ডায়েৰী
কল্পনা পৃথিৱীৰ বেদীত বহাই ৰাখিম নতুন পৃষ্ঠাৰ সত্তাটিক
এটি নতুন পুৱাৰ সৈতে উল্লাসিত জনতাৰ মাজত
হেৰাই যাম তোমাৰ মৰমৰ পৰশ লবলৈ
কাৰণ তুমিয়েই মোৰ কামনাৰো যে শেষ পৰিধি।।

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ