আকৌ ফাগুন আহিছে
পলাশ,শিমলু, মদাৰৰ
কুসুম চৌদিশে ফুলিছে।
ফাগুন নিলাজ কিম্বা নিশ্চুপ
কোন কাহানিও নহয়,
ফাগুনে আনে আশাৰ সংবাদ
কবিক কৰে প্ৰেমৰ প্ৰতি আসক্ত
কবিতাত লীন হৈ যোৱাৰ
হাজাৰটা অনুভৱ লিখাৰ ।
প্ৰীতি ভৰা সপোনৰ টোপোলা
কবিৰ কবিতাত প্ৰেমৰ বাসনা,
প্ৰকৃতিয়ে ইস্তাহাৰ কৰে
ৰিক্ত স্হানে পূৰ্ণতা পোৱাৰ ।
ফাগুন হেনো উদাস
অথচ মন চঞ্চল কৰে
উতনুৱা বলিয়া ফাগুনে
ব্যাকুল কৰি তোলে হৃদয়,
হেঙুলীয়া বেলিৰ জেউতী
প্ৰেমিক কবিৰ সেউজ হাঁহিটি।
দুষ্ট ফাগুনে ধূলি উৰুৱাই
সৰাপাতক আহি নকন্দুৱাই,
ফাগুনৰো আছে সুকীয়া পৰিচয়
এই কথা ফাগুনেই সময়ত কয়
ফাগুনৰ এজাক বৰষুণে
ধূলিৰ সৈতে আলিংগন কৰিছে
আকুলতাৰে ধূলিক সাবটি ধৰিছে।

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ