ক্ষুদ্ৰ ক্ষুদ্ৰ সপোনবোৰ
এদিন মেঘৰ সৃষ্টি কৰি
বৰষুণ হৈ আহে
নৱপ্ৰভাতৰ আৰম্ভণিত
আনন্দৰ বাৰ্তা লৈ।
ধ্বংসৰ পৰা সৃষ্টি
পৰিশ্ৰমৰ প্ৰতিশ্ৰুতি
সফল প্ৰাপ্তিৰ কঠোৰ কামনা
এয়াই প্ৰতিটো জীৱনৰ বাসনা।
আশা ভৰা জীৱনৰ
সপোন আছে বাবে উশাহ,
শূন্য ধৰাৰ বুকুত
এজাক বৰষুণে
আনি দিয়ে বিশ্বাসৰ আস্থা।
অভিজ্ঞতাৰ দুৱাৰত
চিয়াঁহীৰ বুকুত
বাজি উঠে এটি কথা
এজাক সপোন যেন বৰষুণ।

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ