সন্ধান বিচাৰি••অৰূপ বড়ো

©Admin
0

না দিন
না ৰাতি
24 ইণ্টু 7
কিবা এটা পম খেদি
যাওঁ সন্ধান বিচাৰি
মই এটি যাযাবৰী অস্ত্ৰধাৰী। 

আকাশে বতাহে
পথে পথে ঘূৰি ঘূৰি
আৰু কতো যে যন্ত্ৰণা..

মই দৌৰি আছোঁ কিবা এটা তথ্য বিচাৰি। 

কেতিয়াবা ৰজা ঘৰত
কেতিয়াবা জনতাৰ পদূলিত
কণ্ঠ, অভিযোগ বিচাৰি বিচাৰি
বিলীন মই মানৱ সাগৰত..

     
মই কেতিয়াবা দিগন্তৰ পথেৰে জ্যোতিক বিচাৰি
আন কেতিয়াবা
আন্ধাৰৰ মাজে মাজে
নিশাচৰ প্ৰাণী... 

খবৰ বিচাৰি বিচাৰি
বিলাও খবৰ
আন কেতিয়াবা হৈ যাওঁ নিজে 
বিগ ব্ৰেকিং নিউচ।।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)