ফাগুনৰ সৰাপাত••জিলমিল বৰঠাকুৰ

©Admin
0

ফাগুনৰ লঠঙা পাতে 
হৃদয়ৰ খবৰ আনে 
ভালপোৱাৰ অনাবিল আনন্দত মতলীয়া ফাগুনজাকে 
মোক প্ৰতিশ্ৰুতি দিয়ে 
পলাশ ফুলৰ ৰঙা ৰঙেৰে 
মোৰ দুগালত আবিৰ সানে 
দুষ্ট ফাগুন 
বেথাভৰা ফাগুন 
বলীয়া কৰিলি 
প্ৰেমৰ কবিতা কবিতা লগা ৰাতিও 
তোৰ অভিমানী বতাহজাকে 
জগাই তোলে মোৰ সত্তা 
কবিতা কবিতা লগা 
ফাগুনৰ ধুলিয়ৰী সৰাপাতত চকুলো নিগৰে 
প্ৰেমৰ পৰিভাষাত মই যে 
তোৰেই প্ৰেমিকা।।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)