ৰক্ত মদাৰৰ থোপাবোৰ ,
ফাগুনৰ পচোৱা বতাহত
জিৰ -জিৰ কৈ সৰে
দূৱৰিৰ দলিচাত উপচি পৰে ৷
কুলি-কপৌ ৰ মাতত উমলি উঠে
ফাগুনৰ চঞ্চলতাত বগা ধূলি উৰে
ৰক্ত মদাৰে শৰীৰত শুভ্ৰ মুকুতা গুঠে৷
এটোপ-দুটোপ কৰি ফাগুনৰ বৰষা নামে ,
জোলোঙাৰ ভৰত মদাৰে কান্দে ৷
পুৱতিৰ ৰ'দালিত সুৰুযে মাতে
ৰ'দৰ শিহৰণত মদাৰ জিলিকি উঠে ৷

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ