আজিও মনত পৰে
অতীতে আমনি কৰে
সেই সন্ধিয়াৰ
তোমাৰ মোৰ বাৰ্তালাপ আৰু আবেগিক কথাবোৰে।
নাজানো এয়া ভালপোৱা নে
প্ৰেম আছিল
নে অভিনয় আছিল,
কিন্তু সেয়া মোৰ বাবে
পৃথিৱীৰ শ্ৰেষ্ঠ অনুভূতি।
ভালপোৱাৰ আহ্লাদিত সুৰ
সঁচাকৈ বৰ মিঠা
যেন অমৃত,
যদিও হেৰুৱাৰ যন্ত্ৰণা
মাৰাত্মক কঠিন।
ব্যস্ততাৰ মাজতো যান্ত্ৰিকতাৰ সহায়ত
শেষ নোহোৱা হেজাৰ আলাপ
কৰিছিলোঁ দুই প্ৰান্তে বহি
বিশ্বাসৰ আস্থা বুকুত বান্ধি।
পোৱাৰ মাজত পাইছোঁ ঠিক
হেৰুৱাৰ ভয়ত হেৰুৱাইছোঁ,
মোৰ সপোনৰ ৰাজকুমাৰ
সেই সন্ধিয়াৰ প্ৰেমিকজনক।
সেই সন্ধিয়া আজিও জিলিকি আছে
মোৰ দুচকুৰ আগত,
স্মৃতিয়ে কেতিয়াবা খামুচি ধৰে
পিঞ্জৰাৰ ভিতৰখনক।

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ