আদিবাসী•• মিন্টু গোৱলা

©Admin
0
আদিবাসী দেশ স্বাধীন নহওঁতে
আহিছিল ভাৰত ভূমিত।
পৰ্বত পাহাৰত বাস কৰিছিল
আদিম মানুহ বোৰেই 
আজি
আদিবাসী !!
আজি.......
একাংশই হাঁহে যে.........
আদিবাসী বুলি !
বনত বসবাস কৰা 
কেঁচা মাংস খোৱা
পৰ্বতৰ গুহাত বাস কৰা
কথা বোৰক লৈ
আজি ও
বৰকৈ হাঁহে !
জুপুৰি ঘৰবোৰ চাই হাঁহে!
আদিবাসী......... বুলি।
আজিৰ.......
সেই.......
আদিবাসী বহুতো গৌৰৱ কঢ়িয়াই আনিছে
সিহঁত.......
আগৰ দৰে নাই অকৰা- অজলা
সিহঁত.....
পঢ়ি-শুনি পোহৰত ফুৰিছে নিজ স্বাধীন মতে
সিহঁত.....
উচ্চ শিক্ষাটো আগবাঢ়ি গ'ল
আজি....
কোনে চিনি পাই
সিহঁতক...
আজিৰ....
আদিবাসী বুলি!!
বিলাসী গাড়ীত উঠি ফুৰে
অটক ধুনীয়া ঘৰ সাজি বহি আছে
ৰাজ গাদীত 
আজিৰ.....
এই আদিবাসী!!
বহুতো উন্নত হ'ল
সিহঁত....
সময়ৰ সোতে সিহতঁক সলনি কৰিছে।
কোনে ক'ব আজি সিহতঁক ....?
আদিবাসী বুলি।
আজি-কালি
নকৰে পৰ্বতত বসবাস,
নেখাই সিহতঁ কেঁচা মাংস
থাকে সিহতঁ তোমাৰ আৰু আমাৰ দৰে
দালানৰ ওপৰত বহে ভৰিৰ ওপৰত ভৰি
তুলি,
ফুৰে বিলাসীৰ গাড়ীত
থাকে সিহতঁ সাধাৰণ মানুহৰ দৰে
সিহঁতে হ'ল......
আদিবাসী...!!!
      

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)