নাৰী তুমি সৃষ্টিৰ শক্তি
ছায়াঁবৃক্ষ আমি
তেওঁৰ সান্নিধ্যত শুৱনি আমি
নাৰী তুমি মহান ।
ক'ত যে যন্ত্ৰনাৰ সাক্ষী
তোমাৰে দেহাটি
হাঁহিৰে দুখ সহ্য কৰা তুমিয়েই
চকু পানী বোৰক তুমি সামৰি লোৱা
বিপ্লৱী শুংকাৰেৰে তুমি আগবাঢ়ি যোৱা
নাৰী তুমি সচাঁকৈ মহান
নাৰী মানেই নহয় চলনাময়ী
নাৰী মানেই নহয় দুৰ্বলতা
সময়ত দুৰ্গা , সময়ত কালি
তুমি জননী , তুমি ভগ্নী , তুমি পত্নী
তোমাৰ ক'ত যে ৰূপ
মহামায়া ৰূপী নাৰী ।
নাৰী তুমি অনন্যা
নহয় কাৰোৰে দাস
তুমিয়েই ধৰণী ধৰোতা
সঁচা অৰ্থত
গোটেই পৃথিৱী খন
ৰঙীন পোহৰেৰে পোহৰাই
জীৱনৰ কঠিন বাটত
মুঠি মুঠিকে সিঁচি দিছা জোনাক ।
আমাৰ কোলাতেই অংকুৰিত ভৱিষ্যতৰ বীজ
সৃষ্টিৰ পথাৰ শুৱনি কৰি
হে নাৰী ,
এই বিশ্ব ব্ৰক্ষ্মাণ্ডৰ ৰূপকাৰ তুমি
হেজাৰ বছৰ ধৰি লালিত - পালিত ' মই '
চিৰদিন তোমাৰেই ঋণী ।
পুৰুষ যেনেকৈ দেৱ তুল্য
নাৰী তেনেকৈ দেৱী তুল্য
নাৰী হৈছে জগত জননী
নাৰী বিনে নাই গতি
যুগে যুগে লাঞ্চিতা বঞ্চিতা তুমি নাৰী ,
সম অধিকাৰৰ কথা কোৱা সকলেই কিন্তু
তোমাক নিজৰ অধীনত ৰাখিব বিচাৰে
এইয়া কেনে যুক্তি ।
যুজঁ দিয়া অন্যায়ৰ বিৰুদ্বে
সহিলে সম্পদ নহয়
সহিলে বিপদেই বিপদ । ।

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ