মৰম বিচাৰি প্ৰেমত পৰিম— অৰ্ণৱ কটকী

©Admin
0
আকুল মৰমৰে অধৰে জুৰাই যোৱা তুমি 
নিতাল মাৰি শিপাই থাকা মোৰ হিয়াৰ বাকৰিত।
মৰমৰ উপহাৰ হৈ অনাদিকাললৈ
এপাহি ৰঙা গোলাপ হৈ।।
বিয়পি থাকা মোৰ হিয়াত সুবাস বিলাই 
আঁতৰি আঁতৰি নৰবা, সামৰি লোৱা বুকুৰে মাজত
জিলিকাই ৰাখিম মই তোমাক 
শেষ উশাহ পর্যন্ত মোৰ কলিজাৰ নিৰ্ভৃত কোণত।।
কথা দিব লাগে বুলিয়েই কথা মই নিদিওঁ কোনো দিনেই।
মনৰ ফুলনিত ফুলি থকা প্ৰেম ৰঙী ফুলত মৰম সানিব 
পখিলা জনী হৈয়ে আহিবা তুমি নিতৌ পুৱা গধূলি 
প্ৰেমৰ সাক্ষী কৰি তোমাৰ,সেওঁতাৰ ভাজত ডুব যাবলৈ দিম পশ্চিম আকাশৰ ...
সেই হেঙুলিয়া ৰান্ধনী বেলিৰ ৰাঙলী কিৰণ।।
এপলক নজপোৱাকৈ চাই ৰ'ম তোমাৰ 
জিলিকি উঠা নদীৰ পানীৰ দৰে কাজলি দুনয়ন।
ঢৌ তুলি নাচিব সোণ বৰণীয়া চুলি, পছোৱা বতাহ লাগি 
বাৰে বাৰে মই তোমাৰ প্ৰেমত পৰিম মৰম বিচাৰি।।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)