তুমি আহিলে
আকাশৰ বিশালতাৰ দৰে
বিশাল হয় মনৰ ভালপোৱাৰ পৰিধি
সাগৰৰ গভীৰতাৰ দৰে গভীৰ হয়
ভালপোৱা অনুৰাগ
তোমাৰ আগমনত
ভালপোৱাৰ তৰংগই সিপাই
বুকুৰ গভীৰৰ পৰা গভীৰলৈ
তুমি আহিলে
মনৰ চহৰত ধাৰাসাৰে নামে
জোনাকৰ বৰষুণ
মন গহনত আলোড়িত হয়
প্ৰকাশ কৰিব নোৱাৰা শিহৰণ
তোমাৰ আগমনত
মনৰ চোতাল ফুলে
এথুপি ৰক্ত গোলাপৰ পাহী
অহৰহ বৈ থকা জীৱন নামৰ
নৈ খন অধিক চঞ্চল হৈ পৰে

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ