তুঁহৰ জুই জ্বলি
উমি উমি ছাই হ'ল ।
জুই লগা চহৰ খন চাই চাই
বাজি উঠা ধোঁৱা বৰণীয়া
শব্দবোৰৰ বিৰহৰ গীতত
ভাঁহি আহে দক্ষ নাট্যকাৰৰ
তোমাৰ সুখত সুখী
তোমাৰ দুখত দুখী
নাটকৰ প্ৰতিটো দৃশ্যপট ,
শব্দৰ ছায়াত মায়াসনা
প্ৰতিটো সংলাপ ,
পাকৈত অভিনয়ত মুগ্ধ
দৰ্শকৰ হাত - চাপৰিত
শ্ৰেষ্ঠ নাট্যকাৰৰ শ্ৰেষ্ঠতা।

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ