মৰমৰ মা ••ইনামুল হক

Rinku Rajowar
0
অ' মা তুমি মোৰ আশা,
তুমি মোৰ ভৰষা ।
তোমাৰ পৰশতে লুকাই মোৰ,
আছে যিমান হেজাৰ বেদনা।
আজিও পাহৰিব নোৱাৰো,
তোমাৰ মহিমা যে অপাৰ ।
মা' তুমি মোৰ জীৱনৰ প্ৰথম বন্ধু, তুমি মোৰ জীৱনৰ শ্ৰেষ্ঠ শিক্ষক,
তুমি মোৰ জীৱনৰ পথ প্ৰদৰ্শক।
মা তোমাৰ বুকুত যেন অজস্ৰ মৰম,
 তোমাৰ পৰশতে আজি গঢ়িছোঁ জীৱন।
মা মানেই পৃথিৱী,
মা মানেই নিঃস্বাৰ্থ ভালপোৱা,
মা মানেই আমাৰ জীয়াই থকাৰ প্ৰেৰণা।
বিধাতাৰ সৃষ্টি এই ধুনীয়া পৃথিৱীখন,
তোমাৰ কাৰণেইটো দেখা পালোঁ "মা"।
"মা" আজিও যেন টোপনি মাৰো তোমাৰ কোলাত,
আজিও তোমাৰ হাতত হাত ধৰি 
খোজ কাঢ়ো ভিৰত "মা"।
"মা" এটি শব্দ য'ত লুকাই আছে জীৱনৰ শান্তি,সুখ আৰু আশা,
"মা" বুলি কলেই সকলো ভয় নাইকিয়া হৈ যায় মনৰ।
"মা" সঁচাকৈয়ে তোমাৰ মৰম স্নেহবোৰ, পৃথিৱীৰ কোনো মানুহৰে লগত তুলনা কৰিব নোৱাৰি ।
এয়াই মোৰ মৰমৰ পূজনীয়া আই 

        

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)