আৰু পৃথিৱীত নাই,
অনাবিল মৰম চেনেহবোৰ
মা'ৰ মাজতেই সদায় ।
তোমাৰ সুখতো সুখী মা
দুখৰো তেওঁ হয় যে সমভাগী
সেইয়াই মাতৃ আমাৰ
লক্ষ্মী স্বৰূপিনী ।
দুহাতৰ আঙুলিবোৰ
কপালত মৰমেৰে বুলাই,
কোলাত লৈ যিয়ে আমাক
দিছিলে শুৱাই ,
মমতাৰ প্ৰতীক মা জ্ঞানৰ জ্যোতি, জীৱনৰ আদি পাঠবোৰ
মাৰ পৰাই হয় যে প্ৰাপ্তি ।
মাৰ বুকুৰ মাজতেই
আমাৰ মিলেযে জিৰণি,
জীৱন বাটত অহা সেই
ভাগৰুৱা সময়খিনি ।
মা তুমি সঁচাই এক অনন্যা নাৰী, অদম্য শক্তিৰ মা তুমি অধিকাৰী ।
তোমাৰ আৰ্শীবাদৰ ফলত
লভো জীৱনৰ সফলতাখিনি ,
কৃপা কৰিবা মা আমাক
পূজিছোঁ তোমাৰ চৰণ দুখানি ।

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ