ভেলাঘৰৰ বি••শংকৰ মিৰ্ধা

Rinku Rajowar
0
ভেলাঘৰত মেলা পাতি
বিহুৰ নামত নামত লটিঘটি,
ধৰ্মৰ চোতালত মদাহীৰ ঘাটি ৷

ঢোল পেঁপাৰ জাহ দি বিলাতী সুৰাৰ ডিস্কো ডাঞ্চ ৷

পিঠাৰ নামত ফাষ্টফুড
দৈৰ নামত সুৰা,
গুটখাৰ লগত একেলগে ধূঁৱাও 
উৰুৱাই দিয়া ৷ 

হায়হায় ! আজিৰ প্ৰজন্ম কোনো দিশে যায় ৷
স্ফুৰ্তি আনন্দত
নৃত্য কৰে আন্ধাৰত

দুদিনৰ পিছত—ৰাইজমেলত পিতাই
ধৰে  কপালত
আয়ে মুচে আচলত ৷

কোন আই কোন বোপাই?
কোন ককাই কোন ভাই??
কোনো কাকো চিনি নাপাই ৷
কোন, ক’ত কি কৰে 
মহিমাবোৰো বুজাই নাপাই ৷

 

  

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)