নোৱাৰো লিখিব কবিতা
মাথো শুক্ল কাগজত
ছন্দ আকাৰে ,
প্ৰকাশ কৰিব প্ৰয়াস কৰো
হ্নদয়ৰ অনুভূতি ,
দাঙি ধৰিব বিচাৰো
চকুৰ মণিত ভাহা
সমাজৰ প্ৰতিকৃতি,
হাত উজটাব বিচাৰো
ন্যায়ৰ সপক্ষে, অন্যায়ৰ বিপক্ষে।
দেশৰ নামতো দুই -এষাৰ
লিখিবলৈ হাবিয়াস কৰো,
এজন প্ৰকৃত দেশ প্ৰেমিক হৈ ।
নহয় ,মই কোনো কবি
নোৱাৰো লিখিব কবিতা
মাথো আছে ছন্দৰ প্ৰতি
অবিৰাম ভালপোৱা।
গোটাব বিচাৰো
অলেখ শব্দৰ ভাণ্ডাৰ ,
কন্ঠ বিহীন বাক্যৰে
গঠিত হোৱা ছন্দৰে
যেন জিলিকিব পাৰে জগতত
এক সৌজন্যমূলক আশীৰ্বাদৰে।
নহয় মই কোনো কবি,
নোৱাৰো লিখিব কবিতা
মাথো, দাঙি ধৰিব বিচাৰো
ছন্দ আকাৰে ,
এজন সুনাগৰিকৰ
দেশৰ প্ৰতি থকা দায়বদ্ধতা।।

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ