উপেক্ষিত••ৰাহুল চেতিয়া

@admin
0
ভালেই আছা চাগে ন তুমি!
একে জন ভগৱানৰ কৃপাত
মইও ভালেই আছোঁ প্রিয়তমা.
বহু দিনেই হল
তোমালৈ বুলি চিঠি নিলিখা,
একবিংশ শতিকাৰ যুগত
লেখাৰ হেঁপাহ থাকিলেও 
ব্যস্ততাৰ অজুহাতত,
লিখিবলৈ সময়ৰ আহৰিয়েই নাই অ।
জানা প্রিয়তমা,
তুমি আৰু মই ৰোৱা,
বগেইনভেলীয়া জোপায়ো
প্ৰেমৰ চহৰত 
ফুলিব ধৰিছে।
প্ৰতিশ্ৰুতি বোৰ প্ৰতিশ্ৰুতি
হৈয়ে থাকিব দিয়া,
কিমান আৰু সময়ৰ অজুহাত উলিয়াই
আঁতৰি থাকিবলৈ চেষ্টা কৰিবা,
প্ৰাপ্তি অপ্ৰাপ্তিৰ,
ভালপোৱাৰ আধা দস্তাবেজৰ
হিচাপ গণি গণি
কেতিয়াবা ময়েই ডুবাই পেলাম
মাজনিশা বিশাল দুখৰ সাগৰত
আমাৰ ভালপোৱা পালতৰা নাওঁখনি।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)