স্বাৰ্থ••ৰাতুল চেতিয়া ফুকন

©Admin
0
কাৰ ভয়ত কোনে লুকুৱাই থয়
সঁচা কথাবোৰ।
কাৰ সাহসেৰে কোনে ক'ব পাৰে 
মিছা কথাবোৰ।
চেকালগা চোলা পিন্ধা মানুহ বোৰেই এতিয়া 
আটাইতকৈ শুচি
পূৱা গধূলি স্নান কৰি প্ৰাৰ্থনা কৰাজন
হেনো অশুচি ।
কাৰ স্বাৰ্থত এতিয়া ৰ'দ আহে 
কাৰ স্বাৰ্থত দিয়ে বৰষুণ।
কাৰ স্বাৰ্থত মানুহে হাঁহে
কাৰ স্বাৰ্থত মানুহে কান্দে।
মুখা মুখা 
কেওফালে মুখা পিন্ধা মানুহ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)