অপূৰ্ণ নিশাৰ চকু পানী••অৰ্ণৱ কটকী 

©Admin
0
অপূৰ্ণ  নিশাৰ লগৰী মোৰ দুটোপাল চকু পানী 
আনন্দ নাইবা দুখৰ একান্তই সংগী।
আন্ধাৰ কোঠালিত সপোন খেদি খেদি 
মৌনতাৰ আশাৰে কবচ মেৰিয়াও হিয়া খনিত ।।
নিগৰি ওলোৱা চকুৰ পানীয়ে দুগাল পখালি 
শেষ হোৱা দিনৰ দুঃখে, বুকু যায় ভাঙি ।
শিতানৰ উন্মুক্ত গাৰু সাৱটি 
পূৰ্ণ কলা চন্দ্ৰৰ প্ৰতিচ্ছবি বিচাৰি, অমানিশা সামৰে বিৰ্মষ মনে।।
আলফুল হিয়াৰ বাতৰি পাৰে জানো পঢ়িব কেতিয়াবা কোনোবাই!
লিখি শেষ কৰিব পাৰে নেকি অনুভৱী শব্দৰ দুলৰি।
হুমুনিয়াহ জীৱনৰ, প্ৰাপ্তি নাইবা প্ৰাপ্যৰ পিছত দৌৰি ভাগৰি
মাথোঁ চকুত বাকি যায় এটোপাল চকু পানী , নীৰৱ সময়ৰ লগৰী হ'বলৈ।।
 অপূৰ্ণ সপোনৰ ভৰ সহিব নোৱাৰি আত্মঘাতী হোৱা চকুৰ টোপনি 
হিয়া ভঙাৰ কেঁচা যান্ত্ৰণা সহি,শোকস্তব্ধ আজি 
খহি পৰে গভীৰ নিশা বাস্তৱৰ দাৱানলত ফুলা ৰিক্ত এপাহি ফুল 
পূৰ্ণ কৰিম বুলি থোৱা উদঙ ভঁৰালত উপচি পৰিছে আজি লোতকৰ বান ।
অপূৰ্ণ নিশাৰ ফুলা চকুৰ পানীত মেটেকা ফুলিয়া এটি হাঁহি।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)