তুমি মহিমাময়ী
হৰিণ নয়নী--নয়নৰ মণি
লুইতৰ পাৰৰ লিহিকা খাগৰি,
মুগ্ধ বিমুগ্ধ আপোন বন্ধুত্ব--
জীৱন লগৰী--- জীৱন যুদ্ধৰ প্ৰথম প্ৰহৰী ।
তুমি চন্দ্ৰমূখী ,
তুমি উজ্জ্বল নক্ষত্ৰ ,
তুমি চিকমিক বিজুলী,
তুমি নিঃশব্দ নিশাৰ নীৰৱ নায়িকা,
এক শব্দহীন আশাৰ মধুৰতা ।
তোমাৰ দুই নয়ণ
স্বেত পদ্মৰ কলি যেন লাগে
তোমাৰ চাওনিত সৰলতা ওপজে,
কেশত সুবাস বিয়পে ,
তুমি নাৰী চিৰ প্ৰকৃতি বহ্নিমান ফিৰিঙটি
তুমি সহনশীল
প্ৰাণময়ী চঞ্চলা অনাবিল আনন্দ ।
ওঁঠত মিচিকীয়া হাঁহি,
মৌ মাখি যেন গুণ গুণ শব্দৰে মুখৰিত
কুলু কুলু শব্দৰে বৈ যোৱা সুঁতি
তুমি কুকিল কণ্ঠী গীতিকাৰ ক'লাকাৰ ,
স্বতন্ত্ৰ তোমাৰ অঙ্গীকাৰ
তুমি শিল্পীপ্ৰাণ
তুমি নাৰী চিৰ প্ৰবাহিত সত্য ধাৰাৰ।
ৰঙা গোলাপৰ পাহি যেন
কমনীয়তা
তেজোদীপ্ত মনৰ গৰাকী
তুমি নাৰী স্বোতস্বিনী তেজস্বিনী
চিন্তা চেতনাৰ---- পুলক জগাই তোলা
হাস্যময়ী লাস্যময়ী।
ইমান আলসুৱা---ঠুনুকা মন,
পলসুৱা এডৰা পথাৰ
চিৰ সেউজীয়া ---চিৰ সত্য স্বৰূপ
বাসনাৰ মূৰ্ত্ত প্ৰতীক,
চেতনাৰ প্ৰকাশ ,
তুমি নাৰী মন্দাকিনী।
আজন্ম প্ৰেমিকা
দূৰন্ত মনৰ উদ্দীপনা
ক্ষুন্ন মনৰ তীব্ৰ গতিৰ জলতৰঙ্গ
তিক্ষ্ণ বুদ্ধিমতী
প্ৰজন্ম সৃষ্টিত তুমি নৱ অধিকাৰি
তুমি জননী এই ধৰণীৰ ।
অশ্ৰুধাৰা নিগৰি বৈ যায়
ইমান কোমল হৃদয় ,
উচুপি উঠা শোকাকুল প্ৰাণ ,
তুমি নৱমল্লিকা
তুমি ক্ৰোধৰ উৰ্ম্মিমালা ,
তুমি লেহুকা নাৰী তিলোত্তমা ।
সৰ্পৰ দৰে ফেট তুলি
বিস্ময় সৃষ্টি কৰা ,
নিলাজী বনৰ দৰে জয় পৰি যোৱা
নিমাতি কন্যা তুমি ,
তুমি জ্ঞানমালিনী জাগতিক জীৱনৰ ।
প্ৰচণ্ড ক্ষোভৰ গৰাকী ,
ডাৱৰ সদৃশ অভিমানী
আকাশ যেন বিশালতা তোমাৰ
সুকোমল অনুভৱ
মহিমাময়ী তুমি ত্যাগৰ প্ৰতীক।
তুমি বীৰাঙ্গনা ,
তুমি অনামিকা
তুমি খৰস্ৰোতা নদীৰ দৰে
বিস্ময় প্ৰকৃতি তোমাৰ
পখিলাৰ দৰে ৰঙীন
শুভ্ৰ মনৰ গৰাকী-- তুমি যৌৱনা নাৰী ।
ঈশ্বৰে সপি দিছে অযুত মৰম ,
হিয়াই উজাৰে আবেগ
স্নেহ বিলাসিতাৰ
প্ৰেমময়ী জীৱন তোমাৰ
ভাৱনাৰ সপোন কুৱৰী তুমি
প্ৰেৰণাৰ উৎস জগত জননী।
কবিতাৰ ছন্দত প্ৰকাশিত ,
শিলত খোদিত তুমি ভাস্কৰ্য,
সুহৃদ বন্ধু ইতিহাসৰ পাতত
তুমি মায়াৱিনী গভীৰ নিশাৰ ।
গজ গামিনী তুমি
প্ৰতি খোজত গভীৰতা আছে,
আশাৰ প্ৰদীপ জ্বলে
প্ৰাণোচ্ছল মনৰ গৰাকী
তুমি সৰল প্ৰাণৰ স্বত্বাধিকাৰী।
তুমি নাৰী চিৰ নমস্য,
তুমি ইতিহাস ৰচোতা
নতুন ভাৱনাৰে ৰহস্যময়ী
তুমি হাস্যময়ী
তুমি নাৰী ------ কৰুণাময়ী
তোমাৰ আলিঙ্গনত সঞ্জীৱিত প্ৰাণ

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ