তুমি মোৰ আৰু মই তোমাৰ
সঁচানে বাৰু এই বান্ধোন,
সকলোৱে তাকেইতো বিচাৰে
নহয়নে বাৰু!!
কেতিয়াবা বন্ধুৰ আড্ডাত পাৰ কৰা সময়,
প্ৰিয়জনক নোপোৱাৰ বেদনাত উজাগৰী নিশা,
কাৰোবাৰ মৃত্যুত দুধাৰি চকুলো;
কিছু পোৱাৰ আনন্দ,
কিছু নোপোৱাৰ বেদনা
বিলাসিকতা,উচ্চ-নীচ
আমাৰ মানসিকতা..
জন্ম-মৃত্যু
কাৰোবাৰ বাবে জোনাকৰ হাঁহি!
আন কাৰোবাৰ বাবে
আমানিশা?
এই যে মায়া মোহ
অপ্ৰিয় সত্য!
বাদ দিয়া হেই..
জীৱন জিন্দাবাদ।

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ