সাম্প্ৰতিক সময়ৰ সম্পৰ্কবোৰ যেন বতাহত উৰি ফুৰা চৰাই—মুক্ত, অথচ নিৰাপত্তাহীন। আজিৰ যুগত মানুহৰ মাজৰ নিকট সম্বন্ধ থকা স্বত্ত্বেও মনবোৰ যেন শূন্যতাৰ এবিধ সূক্ষ্ম জালত বন্দী হৈ পৰিছে। একেখন টেবুলত বহি কফি খাই, একেটা ছাতিৰ তলত থিয় দি, একেটা পথেদি খোজ কাঢ়িও মানুহে যেন একেলগে নাথাকে। চকুত চকু পৰে অথচ মনৰ গহীনতা খিনি গলি ওলাই নাহে।
আজিৰ যুগত ভালপোৱাৰ সংজ্ঞা বহুত সলনি হৈছে। য’ত কোনোবাই "Good morning" মেচেজ পোৱাৰ অপেক্ষাত থাকে, আন কেইবাজনে "Last seen" চাই অনুভৱ বিচাৰি ফুৰে। কথোপকথনবোৰ "Typing…" হৈ আৰম্ভ হয়, কিন্তু "Seen" হৈ শেষ হয়। অনুভৱবোৰো তেনেকৈ আৰম্ভ হয় অতি সহজে অথচ শেষ হয় অপৰিচয়ৰ দূৰত্বত।
প্ৰেম যেন এখন চিৰদিনীয়া কাৰ্ড, য’ত "I love you" লিখা থাকে, কিন্তু কোনো দিনেই ডাকঘৰৰ ঠিকনা পাব নোখোজে। একেটা মুহূৰ্ততে মানুহে কিমানবোৰ অনুভৱ লুকুৱাই ৰাখে—হয়তো কোনোবাই "Delete for everyone" কৰা এটা মেচেজত থাকি যায় অইন কাৰোবাৰ অলেখ প্ৰেমৰ স্পৰ্শ।
বন্ধুত্ব যেন Social media ৰ ফ্ৰেইমত বন্দী—"Friend request sent", "Follow back", "Unfriend", "Block"—শব্দবোৰ প্রযুক্তিগত হলেও, ক’ৰবাত গভীৰ বাস্তৱিকতাক প্ৰতিফলিত কৰে। আগতে বন্ধুত্ব মানে আছিল একেলগে বৰষুণত তিতাৰ অনুভৱ আৰু আজিৰ বন্ধুত্ব মানে হ’ল "Seen 10:45 PM" হৈ ৰ’ব পৰা নীৰৱতা।
এতিয়া প্ৰশ্ন হল যে সাম্প্ৰতিক সম্পৰ্ক: অনুভৱৰ সংযোগ নে বিভ্ৰান্তি?
এতিয়াৰ অনুভৱবোৰ বহুত সহজে ভাগ-বতৰা হয়, কিন্তু তাৰ গভীৰতা আগৰ দৰে নাথাকে। মনবোৰ বুজিবলৈ চেষ্টা কৰা হয়, কিন্তু মনত চলি থকা কথাবোৰ সলনি হয় কিছু চেকেণ্ডৰ ভিতৰতে। মানুহে কঁপনি খোৱা আঙুলিৰে কীব’ৰ্ডত আবেগ লিখে, কিন্তু বাস্তৱত কব নোৱাৰে।
স্মৃতিসমূহ "Gallery"-ত সংৰক্ষিত থাকে, কিন্তু হৃদয়ত স্থায়ী নহয়। মানুহে কেতিয়াবা "Archive Chat" কৰি অনুভৱৰ স্মৃতিবোৰ লুকুৱায়।
তথাপিও, মানুহে অনুভৱ বিচাৰে। হ’ব পাৰে মোবাইল স্ক্ৰীনত "Typing…" হৈ থকা এজন মানুহৰ বাবে অপেক্ষা অথবা কোনো বন্ধুৰ অনিদ্ৰাৰ মধ্যৰ এক মেচেজ—"তই আছনে?"
মানুহে হয়তো বুজি উঠিব এদিন কিবা এটাৰ অভাৱ আছে। হয়তো একে বতাহৰ লহৰত ভাহি অহা কণমানি অনুভৱত পুনৰ সেই সঁচা সম্পৰ্কবোৰক অনুভৱ কৰিব।

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ