মই বা তুমি সকলোৱেই।
হয়তো কোনোবাই কৰিছে নিজ বাহুবল প্ৰসাৰিত কৰি পৃথিৱীৰ সকলো ঐশ্বৰ্য নিজৰ কুক্ষীগত কৰিবলৈ, তেওঁৰ আকাশ লঙ্ঘী কামনা ই নিস্ব কৰি দিয়ে বুকুৰ মাজত থকা সুকোমল অনুভূতি,প্ৰেম ভালপোৱা আদিবোৰ।
কোনোৱে বা যুদ্ধ কৰে
এমুঠি পেটৰ ভাত,লজ্জা ঢাকিবলৈ এখনি বস্ত্ৰৰ বাবে।
কোনোবাই কৰে যুদ্ধ
নিস্বাৰ্থ ভাৱেৰে দেশৰ হকে,দহৰ হকে যুঁজি
এখন সুন্দৰ,সুষ্ঠ সমাজ গঢ়িবলৈ আৰু পৃথিৱীত সোণ ৰূপৰ ফুলনি পাতিবলৈ । সেই জন নিস্বাৰ্থ মানৱ আজি
'এপাচি কচুশাকত এটা জালুক' হে হ'ব।
আজি ব্যস্ত নগৰীৰ সকলোৱে কৰে যুদ্ধ জয়ৰ প্ৰতিযোগিতা।
মানুহৰ অন্তৰত যুদ্ধৰ কোলাহল।
সময়ৰ কালবৈশাখী আহে দুৰন্ত ঘোঁৰা চেকুৰাই।
কোনোৱে থাৱনি পায়
সপোনৰ গৌৰী শংকৰ বগায়
আৰু কাৰোবাৰ সপোনৰ বালিঘৰ ধুলি হৈ উৰি যায় কাল ধুমুহাত
ৰণক্লান্ত ,দুৰন্ত সৈনিক
পৰি ৰয় ৰণক্ষেত্ৰত।

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ