এখিলা দুখিলাকৈ সৰা
শুকান সৰাপাতক ক'লে
গছৰ কোলাত তোৰ আৰু ঠাই নাই
তথাপিও ফাগুন অহালৈ
কিয় থাকʼ আশাৰে বাট চায়।
ফাগুন আহিল বুলিয়েই
সৰাপাতে ঠিকনা হেৰায়
এদিন সিহঁতেই ভৰাই তুলিছিল
বিৰিখৰ লঠঙা গা
ডাল ভৰা সেউজীয়া পাতে
সকলোকে দিছিল ছাঁ।
এতিয়া ফাগুনৰ ধূলিয়ৰি বাটত
সৰাপাতৰ শৰাধ।
সৰাপাতৰো যে আছে ইতিহাস
ফাগুনে লঠঙা কৰি যোৱা বিৰিখত
নৱ পল্লৱ কোমল কুঁহিপাত
ঋতু আহে ঋতু যায়
ই যে প্ৰকৃতিৰ নিয়ম
শেষ মানেই নতুনৰ আগমন
বসন্ত বুকুত সেউজীয়াৰ আলিংগন।

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ