বন্ধ কোঠাৰ ৰুদ্ধ হিয়াত জলোচ্ছ্বাস প্ৰতিনিয়ত ।
তুমি অৰ্ধ আকাশৰ দৰে প্ৰতিভাসিত নীল চকুযুৰি
ওধৰ যুগলত পকা আপেলৰ ৰঙা সোৱাদ !
নাৰী তুমি বোৱতী নদীৰ সোঁতৰ দৰে
তুমি ৰং-বৰ্ণ-আকাৰহীন নীড়ৰ দৰে
তোমাৰ সান্নিধ্য লভি পাত্ৰ হয় ৰঙীণ -ৰসপূৰ্ণ ।
ধূপ শিখা সুগন্ধি পখিলাৰ পৰশ লভি
ধোঁৱা -বাৰুদৰ কদৰ্যময় যুদ্ধৰ দামামা হয় স্তব্ধ !
তুমি নাৰী, সৃষ্টিৰ ৰহস্যময় মহতী শক্তি
তুমি অগ্নি-স্ফূলিঙ্গ, তুমি আগ্নেয়গিৰি
এক বিশাল সেউজ পথাৰৰ শস্য কণাৰ আঁৰত আত্ম-ত্যাগৰ সুমধুৰ কুলিৰ মৌসনা অমৃত মাত
তুমি নাৰী !
তুমি নাৰী!!
তুমি নাৰী!!

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ