ফাগুনে লঠঙা কৰা গছৰ ডালত ন-কুঁহিপাত মেলিছে।
গছৰ ডালত কুলি-কেতেকীয়ে অমিয়া গীত জুৰিছে।
চাৰিওফালে সেউজীয়া আৰু সেউজীয়া ।
ঢোলৰ মাতে নাচনীৰ মন উতনুৱা কৰিছে।
আইৰ আখল ঘৰটো লাৰু-পিঠাই টেকেলি ভৰিছে।
বাই তাঁতৰ শালত খৰকৈ মাকো ঘূৰিছে।
ব'হাগ মানেই অসমীয়াৰ আবেগ
ব'হাগ মানেই হেঁপাহ
ব'হাগ মানেই আনন্দৰ সমাহাৰ।
যদি পলাশে পাহৰে ফাগুনৰ বাতৰি
কহুৱাই জানো কব আহিনৰ সাধুকথা,
যদি কুঁহিপাতে পাহৰে বহাগৰ বাতৰি
নাহৰে জানো জনাব সন্ধিয়াৰ ওলগ।।
কুলিৰ মাতত , চেৰেকীৰ পাকত
ৰিক্ত হৃদয়ৰ ধপধপনী।
ধূলিয়লী পথত আৱেগবোৰ সিঁচৰতি
সঁচাই এইয়া যেন বসন্তৰেই আগমণি ।

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ