আজিকালি ডাষ্টবিন মোৰ প্ৰিয় , কাৰণ;ই সামৰি ল'ব জানে টুকুৰা টুকুৰকৈ সিচঁৰিতহৈ থকা নীলা ,কলা,ৰঙাৰে বুলাই যোৱা আধৰুৱা কাহিনী বোৰ (!)আপোছবিহীন ভাৱে , একান্তই আকুলতাৰে ।(হয়তো ই স্বাৰ্থপৰো হ'ব পাৰে , আশাৰ সন্ধানত ,নতুনৰ মাদকতাত ৰাগিয়াল হৈ হয়তো সি মাতাল হৈ পৰে)সেয়ে হকে-বিহকে কুৰুকি - কুৰুকি সাঙুৰি লয়, ডাষ্টবিন মোৰ প্ৰিয় !!ই বিনা প্ৰতিবাদে সামৰি ল'ব জানে হাজাৰ আৱেগৰ প্ৰচণ্ড জোৱাঁৰত উঠা অভিমানৰ বাৰিষাৰ বৰলুইত অথবা ঘৃণাৰ দাবানলে লিখা বহুতো খাণ্ডৱ দাহৰ গুপুত অধ্যায় ; অৱহেলাৰ পোছাকেৰে ধাৰসায়ী হোৱাৰ পিছতো তিলমানো আপোচ নকৰাকৈ ই সাঙুৰি ল'ব জানে আধাফুটীয়াকৈ এবৰছন কৰি দলিয়াই দিব খোজা 'এম্বিচনবোৰ '( সপোন দেখা মানুহবোৰ বেকাৰ পাল্লা, তাৰ ওঠৰ একোণত ওলমি ৰয় এটা ঈষৎ হাঁহি।)

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ