মোৰ মৰমৰ প্ৰিয়তম
আশা কৰো তোমাৰ ভালেই । হৃদয়ত সাঁচি থোৱা মৰম বোৰ আজি নীলা খামৰ চিঠিৰ যোগেদি তোমালৈ বুলি প্ৰেৰণ কৰিছোঁ। মৰমেৰে আকোঁৱালি লবা । তোমাৰ কথা চোন মোৰ লিখিবলৈ আজি একো নাই।
হৃদয় শূণ্য আজি
তোমাৰ নীৰৱ অভাৱত
চাই থাকোঁ প্ৰতি দিনে প্ৰতি নিশাই
নাই যে তোমাৰ কোনো ছায়া
ক'ত গলা তুমি
ক'ত কেনেকৈ আছা বা
আজি বহুত দিন হ'ল
ইনবক্সত মেচেজ এটা দি থোৱা
কিন্তু তাৰ উত্তৰ আজি লৈকে
নাপালোঁ মই
প্ৰতিটো পল প্ৰতিটো ক্ষণতেই
মোৰ খবৰ ৰাখিছিলা তুমি
প্ৰতিটো নিশাই উজাগৰে কটাও
দুটি নয়নৰ অশ্ৰুৰ বোজা
শিতানৰ গাৰোটিয়ে লয় ।
অৱশেষত গম পালোঁ তুমি আৰু এই পৃথিৱীত নাই ।
সপোন বোৰত চেঁচা পানী ধালি এই পৃথিৱীৰ পৰা আঁতৰি গলা তুমি। সেইদিনা মোৰ হৃদয়ে বহুত কান্দিলে কেৱল তোমাৰ বাবে । অন্তৰত দি গ'লা অজস্ৰ দুখ বেদনা ,বিষাদ । মোৰ জীৱনৰ এটি প্ৰশ্ন ৰৈ গ'ল তুমি মোক কিয় এনে কৰিলা ।
শেষত তুমি য'তে আছা ভালে থাকা সদায়। আজিলৈ নীলা খামৰ চিঠি খনি সামৰিলোঁ ।
ইতি
তোমাৰ
হৃদয়জিতা

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ