কিয় তোমাৰ বিষাদিত মন?
হুমুনিয়াহ এটা মাৰি
নৈখনে ক'লে,
অতীতলৈ বৰকৈ মনত পৰিছে বন্ধু।
মই নৈ খনিক পুনৰ প্ৰশ্ন কৰিলোঁ,
কোৱাচোন বাৰু ইয়াৰ কাৰণেই বা কি?
তেতিয়া নৈ খনে মোক ক'লে যে,
অতীতত আজিৰ দৰে কোলাহলবোৰ নাছিল বন্ধু ।
নৈৰ পাৰৰ নিৰ্জনতাত বহি
সেই সময়ত মানুহে আমাৰ প্ৰকৃত ৰূপ উপভোগ কৰিছিল।
শিলত খুন্দা লাগি সৃষ্টি হোৱা
কুলু কুলু শব্দ বোৰত মুগ্ধ হৈছিল সকলোজন ।
নৈ খনিৰ
পবিত্ৰতাৰ মূল্যবোৰো পাইছিলোঁ সিদিনা,
আজি যেন সেইদিনবোৰ আৰু নাই।
হিন্দী গীতৰ তালত আজি অতিমাত্ৰা শব্দৰ মাজত মাতাল হৈ এচামৰ উন্মাদ নৃত্য ।
পবিত্ৰ প্ৰেমক বিসৰ্জন দি হিংস্ৰ ৰূপ যেন হৈছে প্ৰকাশ।
ফুলৰ সলনি আমাৰ বুকুত
আজি আঘাত হানিছে
ভগ্ন কাঁচৰ টুকুৰাবোৰে বন্ধু ।
সেই আঘাত লাগি আজি
বৈছে মাথোঁ ৰক্তৰ ধাৰা,
বুজিলা বন্ধু,
সেইয়ে আজি মোৰ মন বিষাদে ভৰা ।

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ