তাৰ কলাৰ টিউনত বাজি উঠিল প্রবীন বৰাৰ জনপ্রিয় গীতটি...
তোমাতেই হেৰাও
মই ধাৰাষাৰ.....
গানটো শুনি পৰীয়েও লগতেই গাবলৈ ধৰিলে...
তোমাকেই বিচাৰো প্রতিবাৰ
ভাল পাব খোজো....
এনেতে ৰাহুলে ফোনটো উঠালে কিন্তু সিফালে পৰীয়ে গানটোৰ মাজত এনেকৈয়ে সোমাই গ'ল যে ফোনটো ৰিছিভ হোৱাও গম নাপালে তাই তেতিয়াও গুণগুনাইয়ে আছিল
ভাল পাব খোজো আকৌ এবাৰ(২).....
ৰাহুল :- আউ....তই কি মোক গান শুনাবলৈকে ফোন মাৰিছিলি নে এই ৰাতিপুৱাতেই.....
হঠাৎ ৰাহুলৰ মাতত পৰীয়ে উচপ খাই ক'লে
পৰী:- তই ফোনটো কেতিয়া ৰিছিভ কৰিলি..??
ৰাহুল:- ও...গোঁসানী আপুনি যেতিয়া এইখন পৃথিৱী এৰি সংগীতৰ পৃথিৱীখনলৈ গমন কৰিছিল তেতিয়াই এই অভাজনে আপোনাৰ ফোনটো গ্ৰহণ কৰিছিল।
তাৰ কথাত পৰীয়ে মিচিকিয়াই হাঁহিলে
(তাইয়ো যে নহয় গান বুলি ক'লে কোনোবাখিনি পাইগে, এবাৰ তাইৰ মনত আছে তাই অকণমান সৰুহৈ থাকোতে ঘৰৰ অকণমান ওচৰতেই অনুষ্ঠিত হোৱা জুবিন দাৰ প্রগেম এখন চাবলৈ গৈছিল মাহীয়েকৰ লগত । কিন্তু জুবিন দা অহা দেৰি হ'ব বুলি কোৱাত মাহীয়েকে তাইক ঘৰলৈ লৈ গুচি আহিলে..অনিচ্ছা স্বত্বেও তাই ঘৰলৈ আহিব লগা হ'ল। কিয়নো তাই মাহীয়েকৰ অবাধ্য হ'ব নোৱাৰে,মাক দেউতাক নোহোৱা হোৱাৰে পৰা মাহীয়েকেই তাইৰ যতন লৈ আহিছে সেইবাবেই তাই মাহীয়েকৰ লগত ঘৰলৈ উভতি আহিল। তেতিয়া সময় প্রায় ৰাতিৰ ১১.০০ মান হৈছিল ইফালে জুবিন দা আহি পোৱাৰ লগে লগে মানুহৰ চিঞৰ শুনি তাই ৰৈ থাকিব নোৱাৰিলে সেয়ে ৰাতিৱেই উঠি আহিল, যিজনী ছোৱালীয়ে আন্ধাৰ বুলিলেই ভয় কৰে তাই আকৌ ৰাতিখনত ঘৰৰে সেই আধাকৈ কাটি থোৱা বগৰী গছজোপাৰ ওপৰতে উঠি অনুষ্ঠান উপভোগ কৰিলে..কিমান যে ফূৰ্তি তাইৰ সিদিনা..)
এনেতে ৰাহুলৰ মাতত তাইৰ ভাবত যতি..পৰিল
ৰাহুল :-ও...বাইদেউ...আকৌ এইবাৰ ভাৱনাৰ সাগৰত ডুব গ'ল যেন পাইছো....!
এই ছোৱালী কিবা ক'বি নে সঁচাকে গান শুনাবলৈকে মোৰ টোপনি ভাঙিলি
পৰী:- হেই...ৰ'হ অ...এইটো ইমান টোপনি একে..তাৰ কথা আছে শুন....
ৰাহুল:- ক..ক..কি কথা...??
পৰী:- এই আমাৰ যে লগৰ ৰশ্মি, পূজা, বিদিশা ইঁহত চব মিলি গুৱাহাটীৰ ফালে ফুৰিবলৈ যাব মোকো লগ লৈছে যাম বুলি ভাবিছো
এতিয়া তই বা কি ক'ৱ...
ৰাহুল:-যদি মোৰ অনুমতি বিচাৰিছ..তেন্তে মই ক'ম নালাগে..
পৰী :- কি..কিন্তু কিয়....??
ৰাহুল:- তই জানো নাজান..? পৰীক্ষা যে পালেহি আমাৰ।
পৰী:-ধেই পৰীক্ষালে চোন এতিয়াও তিনিমাহ বাকীয়ে আছে।
ৰাহুল:- গম পাইছো কিন্তু প্রস্তুুতিটো কৰিব লাগিব ন..আৰু তই কি..পাহৰিলি নেকি আমি একেলগে মিলি দেখা সপোনবোৰৰ কথা...?
পৰী:- নাই পাহৰা অ...সকলো মনত আছে..কিন্তু হ'ল...বুলিয়ে আৰু সকলো সময়তে পঢ়ি থাকিব পাৰি নেকি অকণমান ওলাই যাবলৈওটো মন যায় ন....
ৰাহুল:- ঠিক আছে আজি আবেলি ৪.০০টা মান বজাত ওলাবি যাম এফালে।
পৰী:-সচাঁ নে...?
ৰাহুল:- উম সচাঁ ।
পৰী:-পিছে কোনফালে যাবি?
ৰাহুল:-ওওওওওও........
ব্ৰহ্মপুত্ৰৰ পাৰলৈ
পৰী:- সচাঁ..মোৰ প্ৰিয় ঠাই।
ৰাহুল:-সেইকাৰণেই লৈ যাম বুলি ভাবিছো তোক।
পৰী:- তই বহুত ভাল অ...ল'ৰা love you..
ৰাহুল:- হ'ব হ'ব এতিয়া তেল মাৰিব নালাগে ওলাই থাকিবি।
পৰী:- অকে অকে।
এনেকৈয়ে সিঁহত ব্ৰহ্মপুত্ৰৰ পাঁৰলৈ গৈ বহু সময় কথা পাতি উভতি আহিল।শেষত ৰাহুলৰ অনুৰোধত তাই তাৰ প্রিয় গীতটি গুনগুনাই দিলে
মন যায় মোৰো মন যায়
মন যায় মোৰো মন যায়
চকুত চকু থৈ চাবলে
লাহে লাহে ওচৰ পাবলে
কাষে কাষে খোঁজ দিবলে
মন যায় মোৰো মন যায়
চকুত চকু থ'ব মন যায়
সঁচাকৈ ভালপোৱা মানুহবোৰ কাষত থাকিলে জীৱনটো জীয়াইয়ে ভাল লাগে।
▪️নিচিতা ওৰাং
উত্তৰ কুঁৱৰী, বিশ্বনাথ

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ