জীৱন বাটত আহিব পাৰে
হয়তো বহু বাধা বিঘিনি ,
সংগ্ৰাম অবিহনে নাই কিন্তু
ইয়াৰ সমিধান খিনি।
হতাশাক নিদিবা সেইয়ে
কেতিয়াও আশ্ৰয় ,
এদিন আহিব সুখ জানিবা নিশ্চয়।
কৰিযাবা সংগ্ৰামবোৰ
প্ৰৱল আত্মবিশ্বাসেৰে,
নোৱাৰে ৰোধিব তোমাক
কেতিয়াও অমানিশা বোৰে ।
ধুমুহাৰ গতিৰে হয়তো যুঁজি
সিহঁতে তোমাৰ সৈতে,
ক্লান্ত নহ'বা তথাপিও
তুমি কোনো কাৰণতে ।
দেখিবা অমানিশাবোৰে নতশিৰে
এদিন পৰাজয় কৰিব স্বীকাৰ ,
সংগ্ৰামেহে আঁতৰাই বাধাবোৰ জীৱনত আমাৰ।

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ