স্পন্দিত বন্দিত বিমুগ্ধ প্ৰকাশ
ধূসৰিত প্ৰসাৰিত নীলাভ আকাশ
সংস্পৃষ্ট মুক্ত উন্মুক্ত ভাৱ অনুতাপ
যুক্ত সংযুক্ত বেদনাৰ অসহ্য উত্তাপ
প্ৰভেদ ভেদাভেদৰ নাথাকিব সন্তাপ
নিৰ্ভীক নিৰ্মল নিমজ ভাৱনা প্ৰতাপ
অক্ষম সক্ষম সকলোৱে কৰে লক্ষ্য
ভোকাতুৰ তৃষ্ণাতুৰ জনৰ উদ্দেশ্য
পুষ্প বৃষ্টিৰ সৃষ্টিৰে জগত জিনিম
দম্ভ ক্ৰোধ আক্ৰোশ দূৰলৈ ঠেলিম
বিদ্ৰোহ বিক্ষোভ বিপদ আতৰিব
অনিষ্ট কষ্ট নষ্ট ভ্ৰষ্ট সকলো হেৰাব
অম্বৰ পিতাম্বৰ পয়গম্বৰ উজ্বলিব
অন্তৰ নিৰন্তৰ চিৰন্তন বাট বুলিব
অনন্ত আকাংক্ষাই আদৰণি জনাব
একে সুৰ একে তালতে গীত বাজিব ।

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ