বুঢ়িদিহিং কনিষ্ঠ মহাবিদ্যালয়— বিতোপন গগৈ

©Admin
0
তোমাৰ কোলাতেই দিছিলোঁ মই
জীৱনৰ দ্বিতীয়টো চৰণ।
তোমাৰ পৰশত হৈ উঠিছিল মোৰ জীৱন ধন্য।
তোমাক নিজৰ কৰাটো যদিও অসম্ভৱ,
তথাপি তোমাৰ পৰশত
জীৱনৰ সকলো পথ পাইছিলো বিচাৰি।
তোমাক হেৰুওৱাৰ মোৰ সপোন নাছিল,
তথাপিও সময়ে যেন মোক দিছিল বিদায়।
কাৰণ সময় যে গতিশীল!
তোমাৰ পৰশতেই বহুতৰ জীৱন হৈ পৰিল জীপাল,
সেই জ্ঞানৰ প্ৰতিমূৰ্ত্তি তুমি,
তোমাৰ বাবে আজিও হৈ পৰক
বহুজনৰ জীৱন ধন্য।
সেই মোৰ জীৱন গঢ়ি তোলা মহাবিদ্যালয়,
তোমাৰ চৰণত শতকোটি প্ৰণাম।।


 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)