নাযাবি পাহৰি,
পিতৃ-মাতৃৰ কঠোৰ পৰিশ্ৰম
আশা ভৰা জীৱন
কোল শূন্য নকৰিবি।
কাৰ বাবে নিৰাশা
অশ্ৰুকণা ৰূপ
সপোন সংলাপৰ মন্থনত
সৃষ্টিকৰ্তাক তুচ্ছ কৰিছা?
ভাবি চোৱা
ভাবি চোৱা
এই জগত কাৰ বাবে
কাৰ বাবে সৃষ্টি তই?
গোলাপক বকুল ভাবি
বৃহত্তৰ ভুল কৰিছা,
কিয় আজি মনোভাৱ ঠুনুকা
ফাঁচিৰ বজাৰত উঠিছা?
ছিঃ ছিঃ মানৱ
যাৰ বাবে এই শব্দ
এই দেহ-মাংস
তাকে অবহেলা কৰি
মহান সিদ্ধান্ত লৈছা,
তোক জন্ম দিয়াত
কি ভুল পিতৃ-মাতৃৰ
উত্তৰ দি যায়?
সৃষ্টিকৰ্তাৰ ঋণ পৰিশোধ
টকাৰে নহয় সন্তানৰ সুখেৰে বিৰাজমান,
তোৰ হৃদয় হিংসাত্মক স্বাৰ্থপৰ
নিজৰ শান্তিত মৰিব ধৰিলি।
ফাঁচি যদি সৰ্ব সুখ
দিব পাৰিবি জানো
পিতৃ-মাতৃৰ মৃত্যু?
নোৱাৰা জানো...,
তেতিয়া হ'লে কিয়
এনেকুৱা সিদ্ধান্তত উপনীত হৈছা
উত্তৰ দি যা...!

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ