কিহতে বাৰু ভাবে আজি
তেওঁ নিজকে স্বাধীন বুলি।
তেওঁ যে নাৰী ;
কোনে বাৰু শুনিব আজি
তেওঁৰ বুকুৰ কৰুণ বিননী।।
তেওঁ যে নাৰী;
তেওঁৱেই সৃষ্টি,তেওঁৱেই জন্মদাত্ৰী
তেওঁৱেই মাতৃ, তেওঁৱেই ধৰিত্ৰী।
তথাপিও আজি প্ৰতিক্ষণতে
পিড়ীত হ'ব লগা হয় তেওঁ।।
কাৰণ তেওঁ যে নাৰী!
তেওঁ যে নাৰী;
মহাদেৱৰ শক্তি তেওঁ সতী,পাৰ্বতী,
ৰামচন্দ্ৰৰ সীতা তেওঁ
কৃষ্ণৰ প্ৰেয়সী ৰাধাৰাণী।
তথাপিও এই সমাজত
নাম পাই তেওঁ কলংকিনী।।
কাৰণ তেওঁ যে নাৰী!
নৰকাসুৰৰ বধোতা তেওঁ
দুৰ্গা, মা কালী।
দেশক জয় কৰোঁতা তেওঁৱেই
কনকলতা, সাধিনী।।
তেওঁ যে নাৰী;
প্ৰাণৰ মোহেৰে মুহিব পৰা
তেওঁ মমতাময়ী এগৰাকী মাতৃ
তথাপিও চোন কেৱল
দুখ- যন্ত্ৰনাৰেই ভৰা
তেওঁৰ জীৱন কাহিনী।।
কাৰণ তেওঁ যে নাৰী!..

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ