দিয়া নহয় জানা ভাল ।
ভৱিষ্যত সময়ৰ বাবে
হ'ব পাৰে ইযে মহাকাল ,
মোবাইলবোৰত অনেক
ছবি ওলাই আজি কালি,
শিশুৰ হাতত মোবাইল
সেইয়ে নিদিবা যে তুলি,
ভাল বস্তু ওলাই যিমান
বেয়াৰ সংখ্যা বেছি,
মনৰ মাজৰ কথাবোৰ
সেইয়ে নাৰাখিলো সাঁচি।
শিশু হৈছে ভৱিষ্যতে দেশৰ ধৰণী,
মোবাইল চালে মনবোৰ
কিন্তু হ'ব পাৰে সলনি ।
মোবাইলৰ প্ৰতি শিশু
আজি যিদৰে হৈছে আকৃষ্ট ,
ভাৱিবৰ হ'ল কথাটি কিন্তু যিটো বস্তু নহয়যে উৎকৃষ্ট ।
শিশুৰ হাতত মোবাইল
সেইয়ে নিদিবা কদাপি,
এদিন দুদিন কান্দিব
মাথোঁ উচুপি উচুপি ।

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ