ভঙা গঢ়া খেলত বিজয়ী সফল তুমি
হিয়াৰে হিয়া খেলি বিফলতাই আকাশ চুমে
খহি পৰা তৰাটি দৰে মোৰ মন আকাশৰ পৰা
আঁতৰি দূৰ দিগন্তৰ নতুন ঠিকনা বিচাৰি,
অলস হিয়াই ফেকুৰি কান্দে, গভীৰ ৰাতি।।
হঠাতে স্নিগ্ধ আকাশত এচমকা কলীয়া ডাৱৰৰ দাম বাঢ়িল
গুমা হোৱা মনত বাৰিষাই জাগল পাতিল
পানীপচাত(পানীপোতা) কাগজৰ নাও মেলি শেষ হোৱা থাকোঁতে চাই
সপোন দেখোন তেনেকৈ জহি খহি যায়।
শিতানৰ গাৰু তিয়াই, ভগ্ন হৃদয়ক উপলব্ধি কৰাই।।
বিশ্বাসী জনো কেতিয়াবা অবিশ্বাসী হৈ পৰে
আঁতৰৰ জনকো সময়ে ওচৰৰ চপাই আনে।
অবুজন মনক বান্ধি আশাই পাখি মেলে
মৰম আলসুৱা এখন সঁচা হৃদয় বিচাৰি ফুৰে।।

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ