মই নদীৰ আজন্ম প্ৰেমিক — ৰাতুল চেতিয়া ফুকন

©Admin
0
মই  নদীৰ আজন্ম প্ৰেমিক
নদীৰ বয়স নাথাকে
যাৰ বাবে নদীক সদায় ভাল পাব পাৰি
প্ৰেমত পৰিব পাৰি নদীৰ।
নদী যেন বোবা বুৰঞ্জী
দুকাষে দুটি গড়া লৈ
একা বেকা যাৰ গতি,
বুকুত সাঁচি থয়
যুগ যুগান্তৰৰ স্মৃতি।
যি নদীত আজোককাই গা তিয়াইছিল
ককাই সাঁতুৰিছিল
সেই নদীৰ পাৰত
ককাৰ মৰিশালী বৰ গছ হৈ
নদীলৈ হাউলি আছে
নদীৰ সতে কথা পাতি পাতি।
মই তাৰ পাৰত ৰৈ
আজন্ম প্ৰেমিকৰ দৰে
তধা‌ লাগি চাই
স্পৰ্শ কৰিছোঁ নদীৰ দীঘল হাত
অনুভৱ কৰিছোঁ
নদীৰ বুকুৰ বোবা বুৰঞ্জী
নদীক পাহৰি
কোনেনো থাকিব পাৰে।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)