ধীৰে ধীৰে নিশাটো নিমাওমাও হৈছিল
ধুমুহাবেগে মৃত্যুৰ সংবাদ আহিছিল,
মৃত্যুৰ বাহুবন্ধনৰ পৰা নিজকে
মুকলি কৰাৰ চেষ্টা কৰিও ব্যৰ্থ হৈ
অৱশেষত তেওঁ মৃত্যুক আকোঁৱালি লৈছিল।
তেওঁ বিচৰা ধৰণেই
তেওঁৰ প্ৰিয় ঠাইত তেওঁক
সমাধি কৰা হৈছিল,
আজিও হৃদয় উচুপি উঠে
সেই শুকান মৰিশালীটোলৈ চালে
সেই অতীত সুঁৱৰিলে।

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ