ৰঙৰ উৎসৱ হয় ,
অসমীয়া ভাষাত ইয়াক
সকলোৱে ফাকুৱা বুলি কয় ।
হিন্দী ইংৰাজী ভাষাত বোলে
নাম ইয়াৰ হোলী ,
ৰঙৰ সৈতে খেলি থাকোতেই
ডুব যাবৰ হয় বেলি ।
ৰঙা, নীলা, সেউজীয়া সহিতে
আছে যিমান আৰু ৰং ,
গালে মুখে সানি বুৰাই দিলেও
নকৰে কোনেও খং ।
ফাকুৰ ৰঙেৰে আকাশ বতাহ
হৈ পৰে যে ৰাঙলী ,
ডেকা বুঢ়া সকলোৱে খেলে
ৰংবোৰ মিলিজুলি ।
ফাকুৰ ৰঙে নিবিচাৰে জানা
কোনজন কি জাতি,
আমাৰ মাজত গঢ় লৈ উঠে
একতাৰ সম্প্ৰীতি ।

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ