এই যে এজন ব্যক্তিয়ে কোনো এজন ব্যক্তিৰ বিষয়ে ভালকৈ এশাৰী বাক্য কোৱা নতুবা এশাৰী বাক্য লিখা আদি কথাবোৰে সেই ব্যক্তি জনৰ বাবে সাহস হ'ব পাৰে। তেওঁক নিজ কৰ্মত অধিক আত্মবিশ্বাসী কৰি তুলিব পাৰে। তেওঁ দৃঢ়তা অধিক বৃদ্ধি পাব যেতিয়া তেওঁক কোনোবাই সাহস দিয়ে। বহুত বেছি একো কৰিব নালাগে। support অৰ্থাৎ অলপ সহযোগ আগবঢ়াব। আপুনিও আপোনাৰ জীৱনত তেনে সংগ্ৰামী ব্যক্তি বহুত দেখিছে। আপোনালোকৰ মাজৰে হয়তো বহু জনে অনেক লোকক বিভিন্ন প্ৰকাৰে সহায় সহযোগ কৰিছে। যদিও বা কৰা নাই এতিয়াও সময় অলপ আছে। পাৰিলে তেনে লোকক সহায় কৰিব। তেনে ব্যক্তি বিষয়ে এবাৰ এশাৰী বাক্য লিখি চাব নাইবা এশাৰী বাক্য কৈ চাবচোন।
সময়ৰ সোঁতত হয়তো কাহিনীবোৰ আপোনাকো তেনে সহায়ৰ প্ৰয়োজন হ'ব পাৰে।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ