অসম আকৌ উন্নতি পথত জয় আই অসম বোল।"
অসমীয়া ভাষা, সংস্কৃতি, জাতি গঠনৰ ভূমিকাত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু শ্ৰীশ্ৰীমাধৱদেৱে যি বৰঙণি আগবঢ়াই থৈ গ'ল, কালৰ কুটিল পৰিক্ৰমাত এই সমূহ পুনৰ নিঃচ্ছিন্ন হোৱাৰ পথতে লক্ষ্মীনাথ বেজবৰুৱাই পুনৰ ঠন ধৰাই তুলিছিল।
লক্ষ্মীনাথ বেজবৰুৱাই অতি সৰুকালৰে পৰা ঘৰুৱা পৰিৱেশত জাতীয় সত্তাৰ শিক্ষা পাৰিছিল। পিতৃ-মাতৃৰ বৈষ্ণৱাদৰ্শই শৈশৱৰে পৰা বেজবৰুৱাক প্ৰভাৱান্বিত কৰিছিল। লক্ষ্মীনাথ বেজবৰুৱাদেৱ আছিল এজন বহুমুখী প্ৰতিভাৰ আকৰ। তেখেত আছিল একেধাৰে এজন কবি, সৃজনশীল উপন্যাসিক, নাট্যকাৰ, গীতিকাৰ, গল্পকাৰ, সমালোচক, দাৰ্শনিক, সাংবাদিক আৰু সমাজ সংস্কাৰক। তেখেতে শ্বদেশ আৰু স্বজাতিক কেনেধৰণেৰে ভাল পাইছিল সেই কথা তেওঁৰ প্রতিখন গ্ৰন্থৰ পাতে পাতে মূৰ্তভাবে প্ৰকাশ পাইছে। তেখেতে অসমীয়া জাতিক কৈছিল, " স্বদেশ আৰু স্বজাতিৰ উন্নতিৰ মঙ্গল মন্দিৰৰ সিংহ দুৱাৰ হৈছে মাতৃভাষা।" স্বজাতি আৰু সমাজক আগবঢ়াই নিয়াৰ উদ্দেশ্যে সকলোৱে বুজি পোৱাকৈ প্ৰাঞ্জল ভাষাৰে তেখেতে গল্প, কবিতা, উপন্যাস, সাধুকথা, নাটক, জীৱনী আদি ৰচনা কৰি অসমীয়া সাহিত্যলৈ উল্লেখনীয় অৱদান আগবঢ়াই গৈছে।
লক্ষ্মীনাথ বেজবৰুৱাই সাহিত্য জগতত প্ৰৱেশ কৰে "লিতিকাই" নামৰ ধেমেলীয়া নাট এখনৰ জৰিয়তে। ১৮৮৮ চনত কলিকতাত থাকোঁতে লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী আৰু চন্দ্ৰকুমাৰ আগৰৱালাই অসমীয়া সাহিত্যৰ উন্নতিৰ হকে প্ৰতিষ্ঠা কৰে "অসমীয়া ভাষা উন্নতি সাধিনী সভা" (অ: ভা: উ: সা: সভা)। অ: ভা: উ: সা: সভাৰ তেওঁ আছিল সম্পাদক তথা ধন ভঁৰালী। একে সময়তে প্ৰকাশ পায় "জোনাকী" । তৃতীয় আৰু চতুৰ্থ বছৰত তেওঁ এই আলোচনীৰ সম্পাদনা কৰে। আমাৰ সাহিত্যৰ ইতিহাসত এই তিনিও গৰাকী "জোনাকী যুগৰ ত্ৰিমূৰ্তি" ৰূপে খ্যাত।
"নোমল", "পাচনি", "চিকৰপতি নিকৰপতি" আদিৰে অসমীয়াৰ বুকুত হাঁহিৰ ৰোল তোলাৰ মাজেদি কানীয়া, সোৰোপা, ধোদ অসমীয়া জাতিটোৰ অন্তৰত সঞ্জীৱনী সুধা ঢালি প্ৰাণৰ সঞ্চাৰ কৰালে। বিশেষকৈ "কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা" খন মেলি অসমীয়া জাতিক মৰমৰ বিদ্ৰূপ বাণীৰে থকা-সৰকা কৰি জাতীয় চেতনা জগাই তুলিলে। কবিতা হয় যদি হওক, নহয় যদি নহওক বুলি ৰচনা কৰা কবিতাবোৰ তেখেতৰ "কদমকলি" পুথিত সন্নিবিষ্ট কৰা হৈছে। বেজবৰুৱা দেৱৰ একমাত্ৰ উপন্যাস "পদুম কুঁৱৰী" য়ে হৰদত্ত আৰু বীৰদত্তৰ স্বদশ প্ৰেমৰ মনোৰম সাক্ষ্য বহন কৰিছে কৰি এখন উপভোগ্য উপন্যাস বুলি পৰিগণিত হৈছে। ১৯১০ চনত বেজবৰুৱাই বাঁহী আলোচনীৰ সম্পাদনা কৰে আৰু তাতেই প্ৰকাশিত হয় তেওঁৰ ''অ' মোৰ আপোনাৰ দেশ"। "আসাম বন্ধু"ত প্ৰকাশিত "মৃত্যুশয্যা" কবিতাটোৱেই তেখেতৰ প্ৰথম ৰচনা বুলি জনা যায়। তদুপৰি "জোনাকী"ত প্ৰকাশিত "কন্যা" তেওঁৰ প্ৰথম গল্প। আৱহমান কালৰ পৰা অসমীয়া মানুহৰ মুখে মুখে চলি অহা সাধুকথা সমূহকে মূল হিচেপে লৈ বেজবৰুৱা দেৱে আধুনিক চুটিগল্প ৰচনা কৰিছিল। সেয়ে তেওঁক অসমীয়া সাহিত্যৰ 'চুটিগল্পৰ জনক" বুলি আখ্যা দিয়া হৈছে। তেখেতৰ "সুৰভি"(১৯০৯), "সাধুকথাৰ কুকি"(১৯১০), আৰু "জোনবিৰি"(১৯১৩) নামৰ তিনিখন চুটিগল্প সংকলন প্ৰকাশ পায়। নানান আলোচনীত প্ৰকাশিত তেখেতৰ চুটিগল্প সমূহক একেলগ কৰি "কেহোঁকলি"(১৯৬৮) নামৰ আন এখন চুটিগল্প সংকলন প্ৰকাশ পায়। তেখেতৰ গল্পৰ যোগেদি মানুহৰ দৈনন্দিন জীৱনৰ সুখ-দুখ, হাঁহি-কান্দোন, অনুভূতি আদি সুন্দৰ ভাৱে দাঙি ধৰিছে। তেখেতৰ বুৰঞ্জীমূলক নাটকসমূহ হ'ল- "জয়মতী", "চক্ৰধ্বজ সিংহ", "বেলিমাৰ" আদি। বেজবৰুৱা দেৱে কৃপাবৰ বৰুৱা ছদ্মনামত লিখা কেইখনমান গ্ৰন্থ হ'ল - "কৃপাবৰ বৰুৱাৰ ওভোতনি"(১৯০৯), "বৰবৰুৱাৰ ভাৱৰ বুৰবুৰনি"(১৯৫১), "বৰবৰুৱাৰ বুলনি"(১৯৬৪) আদি। তেখেতৰ সাধুকথাৰ পুথি সমূহ হৈছে - "বুঢ়ী আইৰ সাধু"(১৯১১), "ককাদেউতা আৰু নাতি ল'ৰা"(১৯১২) আৰু "জুনুকা"(১৯১৩)। বেজবৰুৱা দেৱে ৰচনা কৰা সাধুকথা সমূহ পঢ়ি ল'ৰা-বুঢ়া আটায়ে আনন্দ উপভোগ কৰে। তদুপৰি তেওঁ "কামত কৃতিত্ব লভিবৰ সংকেত"(১৯০৩), "ভাৰতবৰ্ষৰ বুৰঞ্জী"(১৯১৯), "পত্ৰলেখা"(১৯৬৯), "অসমীয়া ভাষা আৰু সাহিত্য" আদি নামেৰে কেইবাখনো পুথি ৰচনা কৰিছিল।
এইখিনিতে মন কৰিব লাগিব তেখেতৰ গুৰু ভক্তিৰ কথা। মাধৱ কন্দলী, শঙ্কৰদেৱ, মাধৱদেৱৰ ধ্ৰুপদী সাহিত্যই যিদৰে এটা যুগ সৃষ্টি কৰিলে, সেইদৰে সেইসকল মনীষীৰ ৰচনাৰ পটভূমিত বেজবৰুৱাই সৃষ্টি কৰিলে জাতীয় ভাবযুক্ত দৃষ্টিভংগীৰে সমৃদ্ধ অসমীয়া সাহিত্যৰ এটি নতুন যুগৰ, যাক বেজবৰুৱাৰ যুগ বুলি কোৱা হয়। মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱক বিদ্যায়তনিক ভাৱে প্ৰতিষ্ঠা কৰি মহাপুৰুষ দুজনাক সত্ৰ আৰু নামঘৰৰ পৰা বেজবৰুৱা দেৱে প্ৰথম উলিয়াই আনিছিল। শংকৰ মাধৱৰ মিলনক মনিকাঞ্চন সংযোগ বুলি তেওঁ যি অভিধা প্ৰদান কৰিছিল, তাক আজিও অসমীয়া জন মানসে স্বীকাৰ কৰি লোৱা পৰিলক্ষিত হৈছে। গুৰুজনাৰ প্রতি থকা অপৰিসীম শ্ৰদ্ধা আৰু ভক্তিৰ বাবেই মহাপুৰুষ জনাৰ ব্যক্তিত্ব, ধৰ্ম, দৰ্শন, সামাজিক-সাংস্কৃতিক অৱদানক পোহৰলৈ আনিবলৈ তেওঁ সাহ কৰিব পাৰিছিল। "শ্ৰীশ্ৰীশংকৰদেৱ", "মহাপুৰুষ শ্ৰীশংকৰদেৱ আৰু শ্ৰীমাধৱদেৱ", নামৰ গ্ৰন্থত তেওঁ বিজ্ঞানসন্মত ভাৱে মহাপুৰুষক আলোচনা কৰাৰ বাট কাটি দিয়ে। বেজবৰুৱাৰ বাটেৰে গৈ পৰৱৰ্তী কালৰ পণ্ডিত সকলে মহাপুৰুষ দুজনাৰ বিশাল অৱদান, ধৰ্ম-সংস্কৃতি সৰ্বভাৰতীয় পৰ্যায়ত প্ৰতিষ্ঠা কৰাৰ প্ৰয়াস কৰা দেখা যায়। তেখেতৰ মৃত্যুৰ পিছত প্ৰকাশ পোৱা "শ্ৰীকৃষ্ণ কথা" আৰু "তত্ত্ব কথা" নামৰ বৈষ্ণৱ ভাৱধাৰাৰ সমালোচনাৰ পুথি দুখনেও অসমীয়া সাহিত্যৰ ভঁৰাললৈ এক অনবদ্য অৱদান আগবঢ়াই গৈছে। বেজবৰুৱা দেৱৰ আত্মজীৱনী খনৰ নাম হ'ল - "মোৰ জীৱন সোঁৱৰণ"(১৯৬১)। সম্ভৱতঃ "পিতামহ ভিষ্ম" শীৰ্ষক প্ৰবন্ধটো বেজবৰুৱাদেৱৰ শেষ ৰচনা সম্ভাৰ। ১৯২৪ চনত গুৱাহাটীত বহা অসম সাহিত্য সভাৰ সপ্তম অধিৱেশনত তেওঁ সভাপতি নিৰ্বাচিত হয়। বেজবৰুৱাৰ আধুনিক, সংস্কাৰমুক্ত দৃষ্টিভংগীৰ পৰিচয় তেওঁৰ হাস্য-ব্যংগ ৰচনাসমূহতো পোৱা গৈছে, যাৰ বাবে তেওঁ "ৰসৰাজ" উপাধি লাভ কৰিছিল। সাহিত্যৰ ৰথখন আগুৱাই নিয়াত সফল হৈছিল বাবে তেওঁক "সাহিত্যৰথী" বোলা হৈছিল।
পৰিশেষত ক'ব পাৰি,
লক্ষ্মীনাথ বেজবৰুৱাই মূলতঃ জাতি নিৰ্মাণৰ বাবেই সাহিত্য সৃষ্টি কৰিছিল। গল্প, কবিতা, নাটক অথবা ব্যংগ সাহিত্যৰ জৰিয়তে তেওঁ জাতীয় উত্তৰণৰ বাবে অহোপুৰুষাৰ্থ কৰিছিল আৰু সফলো হৈছিল। ১৯৩৮চনৰ ২৬ মাৰ্চত বেজবৰুৱা দেৱে সকলোকে এৰি আমাৰ মাজৰ পৰা চিৰবিদায় লয়। অসমীয়া জন জীৱনত আৰু অসমীয়া সাহিত্য জগতত বেজবৰুৱাদেৱ সদায়ে প্ৰাতঃস্মৰণীয় হৈ ৰ'ব।
বেজবৰুৱা দেৱৰ কথাৰে -
"ফুলিল মালতী, ফুলি সৰি পৰি গ'ল
বিলোৱা সৌৰভ মাত্ৰ জগতত ৰ'ল।
ভাগি গ'ল বীণখনি ছিগি গ'ল তাঁৰ
ৰৈ গ'ল অৱশেষ অমিয় জোকাঁৰ।।"
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ