চিনাকি মুখৰ মাজত অচিনাকি,
সামাজিক ছাঁৰ তলত
মোৰ মৰম, মৰ্ম, আৰু মৰ্মাহত।
ফেচবুকৰ ফটোত হাঁহি,
ইনষ্টাগ্ৰামত সাজি ধৰা জীৱন,
পিনত, চকুলোৰ টোপালত,
জীয়াই থকাৰ নাটক।
বৰ্তমান — সময়ৰ মেক-আপ,
য’ত সৌন্দৰ্য্য মাপকাঠি,
ভাল হ’বলৈ নহয় —
ভাল দেখাবলৈ দৌৰ।
কিন্তু ক’লৈ যাওঁ মই?
নিজকে কেতিয়া দেখি?
আঁচলতে এই যে আমি —
মানৱ নহয়, প্ৰতিমূৰ্তি।
তাই মাক, সি জীয়েক, তেওঁ গাঁওবাসী,
সকলোৱে এটা সমাজৰ অংশ,
য’ত সঁচা “আমি”টো হেৰাই গৈছে
নিয়ম, লাজ, আৰু লোক-চকুত।
তথাপি...
এই বৰ্তমানে মই ক’ব বিচাৰোঁ,
মোৰ সঁচা মুখখন —
যি লাজ নকৰে, মিছা নকয়।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ