আজি আৰু নাই ,
বিহুটিক আদৰাৰ প্ৰস্তুতিবোৰ
লাহে লাহে দেখো কমি যায়,
অসমীয়াৰ ঘৰত আজি
ঢেঁকিটি হেৰাই,
আধুনিক যন্ত্ৰবোৰে আহি
লৈছেহি ইয়াৰ ঠাই ।
সহজলভ্য বোৰে যেন
আমাক কৰিছে এলেহুৱা ,
যাৰ বাবে লুপ্ত প্ৰায় নানা
বস্তুবোৰ আমাৰ মাজৰ পৰা ।
ঢেঁকিৰ চাবত খুন্দা তাহানিৰ
চিৰা পিঠা বোৰ,
সোৱাদবোৰ আছিল কিন্তু
সঁচাকৈয়ে মধুৰ ।
আজিৰ দৰে আগৰ দিনত
নাছিল যদিও আজৰি,
তথাপিও আইতাহঁতে খুন্দিছিলে
বিহুৰ চিৰা পিঠাগুৰি ।
বিহুৰ বাবে তৈয়াৰ কৰা
নানা পিঠা বোৰ,
অতীতলৈ মনত পৰি
দুখৰ বোজা গধুৰ ।
কুলি কেতেকী চৰাই জনীও
আজিযেন হৈছে অভিমানী,
বিহু অহাৰ পৰত সেইয়ে
মাতবোৰ বৰ কমকৈ শুনি ।
ঢোল পেপাঁৰ শব্দবোৰত
আজি আৰু ৰাতি নুপুৱাই,
হুচৰি গাই ফুৰিবলৈ যেন
কাৰোৱেই সময় নাই ।
এনেকৈয়ে আমাৰ সংস্কৃতিবোৰ
যদি ধ্বংসৰ দিশে যায়,
বিহুৰ ঐতিহ্যবোৰ কিন্তু নাথাকিব জীয়াই ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ