মানুহৰ জীৱন অন্ধকাৰৰ গহ্বৰলৈ নিমজ্জিত হৈছে।
কোন,কাৰ, কেতিয়া
কোন আততায়ীৰ হাতৰ চিকাৰ হয় তাৰ খৰব নাপায় আগতীয়াকৈ।
কি দোষ আছিল সেই নিৰ্দোষী পৰ্যটক সকলৰ?
কোন নীতি মানি তহঁতে
আটাইৰে প্ৰাণ লৈ
ভাৰতৰ বুকুত কলংকৰ
কালিমা সানিলি?
হিংসুক জন্তুতকৈও অধম তহঁত ,নৰকৰ কীট।
ধৰিত্ৰী ৰ বুকু ৰক্তৰঞ্জিতা কৰি তহঁতে তৃপ্তি লাভ কৰ।ধৰ্মৰ নামত অধৰ্মৰ বুৰঞ্জী লিখ, জীয়াই থাক
মানুহৰ তেজ আৰু মঙহ খাই।ৰাক্ষসৰ সন্তান এই সন্ত্ৰাসবাদীৰ দল।
সিহঁতক নিৰ্মূল কৰিব লাগিব নহ'লে ৰক্তবীজৰ দৰে হাজাৰ সন্ত্ৰাসবাদীৰ জন্ম হ'ব।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ