অনুভৱ••অজয় ডেকা

@admin
0
তেওঁ গোপনে গোপনে ডাঙৰ দীঘল কৰিছে আনক‌ নোকোৱা‌ ,আনক‌ ক'ব নিবিচৰা‌ বহু গোপন কাহিনী। তেওঁ বাৰু কিয় এনে দৰে সাঁচি ৰাখিছে কাহিনী বোৰ। হাচনাহানাৰ সুগন্ধিত নিজকে বিলিন কৰি দিয়া ছোৱালীজনীৰ হৃদয় কোঠাত ইমান আবেগ ইমান শোক? আচৰিত!! তেওঁ কি বিচাৰে?? কি ভাল পাই?? এবাৰ ওমান পোৱা হ'লে হাঁহিৰ মূখাৰ সিপাৰে থকা ছোৱালী জনীক সুধিলো হেঁতেন ? মোৰ জানিবলৈ মন যায় মূখাৰ সিটো পাৰে থকা‌ ছোৱালী জনীক এবাৰ বুজিবলৈ, তেওঁৰ আবেগ বোৰ নিজৰ কৰিবলৈ। 
       তেওঁৰ দুচকুৰ উজ্জ্বলতা খিনিয়ে মোক ব্যস্ত কৰি তুলিছে ।‌ উফ্ কলিজা‌ পুৰি যায় ইমান উজ্জ্বল ।‌ কিন্তু,‌ তেওঁৰ দুচকুত মিহিকৈ কাজল সনা হ'লে, পদুমৰ পাহিবোৰ লজ্জিত হৈ নুফুলিলে হেঁতেন। এই কথা তেওঁক ক'ব পৰা হ'লে? 
         আনক‌ ক'ব নিবিচৰা‌ কথা বোৰ তেওঁ মোক যদি কোৱা হ'লে। মইটো‌ তেওঁ বিচৰাৰ দৰে সঁহাৰি দিলোঁ হ'লে।  মোক বাৰু তেওঁ বিশ্বাস কৰিবনে? বিশ্বাসত কথা বোৰ ক'ব নে? নে কিছু কৈ কিছু আকৌ গোপনে থ'ব । 


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)