লাহে লাহে হেৰাই গৈছে
জীৱনৰ প্ৰতি থকা মাদকতা,
এটি অনীহা ভাৱে অহৰহ
হৃদয় দুঃচিন্তাত দগ্ধ কৰে ।
উন্মনা অভিমানী মন এতিয়া
সজাত বন্দী হৈ অৱশ হ'ল
সপোনবোৰ দূৰলৈ উটি গ'ল,
ভাগৰুৱা শৰীৰ আৰু মনে
নোৱাৰা হৈছে কথাবোৰ সহিব
এটাৰ পিছত এটাকৈ কিমান
পৰীক্ষা ল'ব জীৱনৰ পথত
যন্ত্ৰটো কাহানিও নহয় মই।
নিজৰ কথাই চোন পাহৰিছো
জীৱনত কি বিচাৰিছিলো
সেয়া পাহৰি যোৱাটো স্বাভাৱিক,
মনতে ভাবি থকা বহু সপোন
বহু আশা নিমিষতে হেৰাই যোৱাত
মই জানো কষ্ট পোৱা নাই
জীৱন জীয়াবলৈ মৰম লাগে
সঁহাৰিৰ কথাবোৰে সাহস দিয়ে
কিন্তু মই কিয় হাহাকাৰ কৰোঁ?
কিয় নিজক পাহৰি গৈছো?
মৰিশালীত পুত নগ'লেও চোন
কাহানিবাই হেৰাই গলো মই আঘাতৰ শেষত পোৱা আঘাতে
কাহানিবাই মোক শেষ কৰিলে।
নেপথ্যত শুনা কথাবোৰ
শুনিবলৈ ৰৈ নাথাকিলেও
বাৰে বাৰে শুনো বিষহেন কথাবোৰ
যি বিষৰ বাবেই ক্ৰমশ
গৈ আছোঁ মৃত্যুৰ পথলৈ
কথাৰ বিষে বৰকৈ কষ্ট দিয়ে ।

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ